NCERT Solutions For Class 10 Science

Get here NCERT Solutions for Class 10 Science in Assamese Medium. Class 10 Science all chapter’s question answers of intext questions and exercise questions are given here. No charge, no login or password, no promotion calls from any institude, only peaceful study of science of standard 10. All the solutions are updated for new academic session 2021-2022. Students of SEBA and all other boards can use these solutions because they are following latest NCERT Textbooks for 2021-22.

NCERT Mathematics Solutions NCERT English Solutions
Chapter 11: মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
প্ৰশ্নাৱলী

Page: 190

1. চকুৰ উপযোজন ক্ষমতা কি ?

উত্তৰঃ চকুৰ ফ’কাছ দৈৰ্ঘ্য নিয়ন্ত্ৰণৰ বাবে চকুৰ ক্ষমতাক উপযোজন ক্ষমতা বোলে।

2. মায়’পিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2 m তকৈ বেছি স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেনছ ব্যৱহাৰ কৰিব লাগিব ?

উত্তৰঃ অৱতল লেনচ ব্যৱহাৰ কৰিব লাগিব।

3. স্বাভাৱিক দৃষ্টিৰ এজন মানুহ এজনৰ বাবে দূৰ-বিন্দু আৰু নিকটবিন্দু কি ?

উত্তৰঃ সূস্থ চকুৰ দূৰ-বিন্দু চকুৰ পৰা অসীম দূৰত্বত অৱস্থিত আৰু সুস্থ চকুৰ স্পষ্ট দৃষ্টিৰ নুন্যতম দূৰত্ব 25cm।

4. ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায়। ল’ৰাজনে ভোগা বিকাৰটো কি হ’ব পাৰে ? ইয়াৰ সংশোধন কোনোকৈ কৰিব পাৰি ?

উত্তৰঃ ল’ৰাজনে বোগা বিকাৰটো হ’ল মায়’পিয়া। উপযুক্ত ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছৰ চচমা ব্যৱহাৰ কৰি ইয়াৰ সংসোদন কৰিব পাৰি।

অনুশীলনীঃ

Page: 197

1. মানুহৰ চকুৱে লেনছৰ ফ’কাছ দৈৰ্ঘ্য সলসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ’লঃ (a) প্ৰেছবায়’পিয়া (b) উপযোজন ক্ষমতা (c) নিকট দৃষ্টিগ্ৰস্ততা (d) দূৰ দৃষ্টিগ্ৰস্ততা

উত্তৰঃ (b) উপযোজন ক্ষমতা।

2. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান (a) কৰ্ণিয়া (Cornea) (b) চকুৰ পতা (Iris) (c) চকৰ মণি (pupil) (d) অক্ষিপট (Retina)

উত্তৰঃ (d) অক্ষিপট (Retina)

3. নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা নন্যূতম দূৰত্বঃ (a) 25 m (b) 2.5 cm (c) 25 cm (d) 2.5 m

উত্তৰঃ (c) 25 cm

4. চকুৰ কি অঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন হয় ? (a) চকুৰ মণি (b) অক্ষিপট (c) চিলিয়াৰী (e) চকুৰ পতা

উত্তৰঃ (c) চিলিয়াৰী

5. এজন মানুহৰ দূৰ দৃষ্টিগ্রস্ততা সংশোধনৰ বাবে -5.5 ডায়প্টাৰ ক্ষমতাৰ লেনছৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেনছৰ ক্ষমতা -1.5 ডায়প্টাৰ হ'লে (i) দূৰ দৃষ্টিগ্রস্ততা (ii) নিকট দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেনছৰ ফ'কাছ দৈর্ঘ্য কিমান?

উত্তৰঃ আমি জানো যে,

solution
6. নিকট দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80 cm দূৰত্বত। এই বিকাৰৰ সংশোধনৰ বাবে প্রয়োজন হোৱা লেন্‌ছৰ প্রকৃতি কি আৰু ক্ষমতা কিমান ?

উত্তৰঃ মায়’পিয়া দৃষ্টিৰ দোষ থকা মানুহজনৰ বাবে,

solution

গতিকে, মায়’পিয়া বিকাৰৰ সংশোধনৰ বাবে অৱতল লেনছ প্ৰয়োজন হয়।

7. দূৰ দৃষ্টিগ্রস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা । দূৰ দৃষ্টিগ্রস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 m। এই বিকাৰৰ সংশোধনৰ বাবে প্রয়োজন হোৱা লেনছৰ ক্ষমতা কিমান ? ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 cm।

উত্তৰঃ হাইপাৰমেট্ৰ’পিয়াক দূৰ দৃষ্টিগ্ৰস্ততা বুলিও কোৱা হয়। ৰশ্মিচিত্ৰঃ

solution

দিয়া আছে,

solution

গতিকে লেনছখন উত্তল। অৰ্থাৎ দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে উত্তল লেনছৰ প্ৰয়োজন।

8. সাধাৰণ চকুৱে এটা 25 cm তকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয় ?

উত্তৰঃ আমাৰ চকুৰ বাবে এটা স্থিৰ প্ৰতিবিম্বৰ দূৰত্ব আছে। গতিকে লক্ষ্যবস্তুৰ দূৰত্বৰ সলনি হ’লেও প্ৰতিবিম্বৰ দূৰত্ব একে থাকে। আনহাতে, লক্ষ্যবস্তুৰ দূৰত্ব নুন্যতম 25cm ৰ পৰা অসীম দূৰত্ব। যদি লক্ষ্য বস্তুৰ দূৰত্ব 25cm তকৈ কম কৰা হয়, তেতিয়া লেনছৰ প্ৰতিবিম্ব গঠনৰ সূত্ৰমতে প্ৰতিবিম্ব স্পষ্টকৈ চকুৰ ৰেটিনাত গঠন নহ’ব। ফলত স্পষ্টকৈ বস্তুটো দেকা পোৱা নাযাব।

9. চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্রতিবিম্বৰ দূৰত্বৰ কি হয় ?

উত্তৰঃ চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলেও প্ৰতিবিম্বৰ দূৰত্বৰ সলনি নহয়। কিয়নো প্ৰতিবিম্বৰ দূৰত্ব চকুৰ লেনছ আৰু ৰেটিনাৰ মাজৰ দূৰত্ব। এই দূৰত্ব সদায় স্থিৰ।

10. তৰাই তিৰবিৰাই কিয় ?

উত্তৰঃ তৰাৰ তিৰবিৰণি তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয়। তৰাৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্ৰতিসাৰিত হয়। বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটা মাধ্যমটোত প্ৰতিসৰণাংক ক্ৰমান্বয়ে সলনি হৈ থাকে। যিহেতু বায়ুমণ্ডলে তৰাৰ পোহৰ অভিলম্বৰ দিশত বেকা কৰি দিয়ে তৰাটোৰ আপাত অৱস্থান, প্ৰকৃত অৱস্থানতকৈ কিছু বেলেগ হয়। যিহেতু পৃথিৱীৰ বায়ুমণ্ডলৰ ভৌতিক অৱস্থা সুস্থিৰ নহয় গতিকে তৰাটোৰ আপাত অৱস্থানো সুস্থিৰ নহৈ সামান্য ইফাল-সিফাল হৈ প্ৰদৰ্শন কৰে।

11. গ্রহই তিৰবিৰাই নাথাকে কিয় ?

উত্তৰঃ গ্ৰহৰ নিজা পোহৰ নাই। ইহঁতে পোহৰৰ একেটা বিস্তৃত উৎস হিচাবে কাম কৰে। সূৰ্যৰ পৰা পোহৰ শোষণ কৰি এইবোৰে পোহৰ নিৰ্গমণ কৰে। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ ফলত সৃষ্টি হোৱা প্ৰতিবিম্বৰ স্থান গ্ৰহটোৰ গাতে থাকে আৰু অনুজ্জ্বল হৈ পৰা অৱস্থাটো উজ্জ্বলতাৰ দ্বাৰা নিষ্ক্ৰয় হৈ থাকে। গতিকে ইহঁতৰ প্ৰতিবিম্বৰ সাল-সলনি নহয়। সেইবাবে গ্ৰহবোৰে তিৰবিৰাই নাথাকে।

12. ৰাতিপুৱা সূর্যক ৰঙচুৱা দেখি কিয় ?

উত্তৰঃ ৰাতিপুৱা সূৰ্যটো পৃথিৱীৰ পৰা বহু দূৰত থাকে। সূৰ্যৰ পৰা অহা দৃশ্যমান পোহৰৰ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি। দিগন্তৰ ওচৰত সূৰ্যৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপবোৰৰ মাজেৰে যথেষ্ট দূৰত্ব অতিক্ৰম কৰে। দিগন্তৰ ওচৰত নীলা ৰংৰ সৰহভাগ আৰু চুটি তৰংবোৰ কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায়। সেয়ে আমাৰ চকুত পৰা পোহৰ অধিক তৰংগ দৈৰ্ঘ্যৰ। ই সূৰ্যক ৰঙচুৱা আভা প্ৰদান কৰে।

13. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে কিয় ?

উত্তৰঃ মহাকাশত বায়ুমণ্ডল নাই বাবে সূৰ্যৰ পোহৰ আহোতে পোহৰৰ নীলা ৰঙবোৰৰ বিক্ষেপণ নঘটে। ফলত কোনো বিক্ষেপিত পোহৰ বা আন পোহৰেই গৈ মহাকাশচাৰীৰ চকুত নপৰে। গতিকে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে।

Class X Science
NCERT Solutions
Other NCERT solutions
Other Impotant Link